বুঢ়ীনগৰ মহাবিদ্যালয়ৰ চল্লিশ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্নঃতিনিগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন

দৰং জিলাৰ পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত মহলীয়াপাৰাত ১৯৮২ চনতে প্ৰতিস্থা হোৱা অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বুঢ়ীনগৰ মহাবিদ্যালয় তথা বৰ্তমানৰ বুঢ়ীনগৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ চল্লিশ সংখ্যক প্ৰতিস্থা দিৱসটি সম্পন্ন হৈ যায়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এলানি সম্বৰ্দ্ধনা জ্ঞাপন অনুষ্ঠান। মহাবিদ্যালয় সভাকক্ষত জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰত্ন কুমাৰ চলিহাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাত তিনিগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনাও জ্ঞাপন কৰা হয়।

শিক্ষানুষ্ঠান খনৰ অধ্যক্ষ দিগন্ত ৰাজবংশী আৰু জ্যেষ্ঠ প্ৰবক্তা তিলক কলিতাই যুটীয়াভাৱে আঁত ধৰা সভাত দলংঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ইন্দ্ৰেশ্বৰ শৰ্মা, মঙলদৈস্থিত ধৰিত্ৰী প্ৰিণ্টাৰ্ছৰ সত্বাধিকাৰ লক্ষণ চহৰীয়া আৰু মহাবিদ্যালয় প্ৰতিস্থাৰ ক্ষেত্ৰত বিশেষভাবে বৰঙণি আগবঢ়োৱা প্ৰয়াত পুৰন্দৰ শৰ্মাক মৰণোত্তৰভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

আপকু, দৰং জিলা সমিতিৰ সভাপতি ৰত্নেশ্বৰ চহৰীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক গজেন শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাত প্ৰবক্তা জীতেন ডেকাই বিশ্ব বৰেণ্য শিল্পী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।