অতিকৈ অৱনতি ঘটি গৈ আছে দেশৰ ৰাজধানী দিল্লী চহৰৰ পৰিৱেশ। লগতে বৃদ্ধি পাইছে বায়ুৰ গুণাগুণ সূচাংকৰ মাত্ৰা। বৃহস্পতিবাৰে পুৱা দিল্লীৰ সূচাংকই দেখুৱাই ৪২৬; একে দিনাই দেশৰ আন এখন চহৰ গুৱাহাটীৰ সূচাংক ৪৭। ইয়াৰ পৰাই অনুমান কৰিব পাৰি কেনে এক ভয়ংকৰ পৰিস্থিতিৰ মাজত উশাহ ল'ব লগীয়া হৈছে দিল্লীৰ নাগৰিকে।

প্ৰায় প্ৰত্যেকটো বছৰেই বৃদ্ধি পায় অহা বায়ু প্ৰদুষণৰ ফলত ক্ৰমান্বয়ে অৱনতি ঘটি আহিছিল দিল্লীৰ বতৰৰ  আৰু শেহতীয়া প্ৰতিবেদন অনুসৰি, বৃহস্পতি বাৰে এই পৰিৱেশে স্পৰ্শ কৰে বিগত ৫ বছৰৰ ভিতৰত আটাইতকৈ শোচনীয় অৱস্থা। এই ক্ষেত্ৰত যেন সম্পূৰ্ণৰূপে বিফল কেন্দ্ৰীয় আৰু দিল্লীৰ ৰাজ্যিক চৰকাৰ।

অৱশ্যে কেৱল দেশৰ ৰাজধানীবাসী ৰাইজৰ বাবেই যেন হোৱা নাই এনে শোচনীয় পৰিস্থিতিৰ। নিকটৱৰ্তী ৰাজ্য পঞ্জাৱ আৰু হাৰিয়ানাত প্ৰতি বছৰেই শীতৰ সময়ছোৱাত হেজাৰ হেজাৰ বিঘাৰ খেতিপথাৰ সমূহত অগ্নি সংযোগ কৰা হয় ধানৰ নৰাত। যাৰ ফলত সৃষ্টি হোৱা ধোঁৱাক ভৌগোলিক কাৰণত বতাহে লৈ আহে দিল্লীলৈ। একেই কাৰণতে দিল্লীত বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰায় ১০ বজালৈ দেখা গ'ল ধোঁৱা আৰু নিয়ৰৰ এক ডাঠ তৰপ।

উল্লেখ্য যে, দিল্লীৰ বায়ুৰ গুণাগুণ সূচাংকই ৪২৬ স্পৰ্শ কৰাৰ সৈতেই আশংকা কৰা হৈছে হৃদযন্ত্ৰ আৰু হাওঁ-ফাওঁৰ ৰোগৰ আগমণৰ। ইতিমধ্যেই বহু নাগৰিকে ব্যক্ত কৰিছে শ্বাস-প্ৰশ্বাসৰ অসুবিধাৰ কথা। আনহাতে, এই পৰিস্থিতিৰ বাবে সকলোতকৈ বেছি সমস্যাৰ সন্মুখীন হ'ব স্কুলীয়া শিক্ষাৰ্থী আৰু জ্যেষ্ঠ লোকসকল।