দৰং জিলাৰ মঙ্গলদৈত অৱস্থিত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কলা , বিজ্ঞান আৰু বাণিজ্য শাখাৰ চিনিঅ'ৰ ছেকেণ্ডাৰী স্কুল  জ্ঞান বিকাশ একাডেমীয়ে স্বমহিমাৰে সফলতাৰে এঘাৰ বছৰত উপনীত হৈছে।‌‌ ২০১১ চনত স্থাপিত শিক্ষা প্ৰতিষ্ঠান খনৰ দশম বৰ্ষপূৰ্ত্তী উপলক্ষে ন পুৰণি শিক্ষাৰ্থী , অভিভাৱক, গুৰুমণ্ডলী আৰু শুভাকাঙ্খীসকলৰ এক মহামিলন অনুষ্ঠানৰ আয়োজনৰ বাবে কৰ্তৃপক্ষই ব্যাপক প্ৰস্ততি গ্ৰহণ কৰিছে।

অহা ১০,১১ আৰু ১২ ডিচেম্বৰত তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যক্ৰমণিকাৰে  উদ্ যাপন হ'বলগীয়া  অনুষ্ঠানটিত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ,ৰক্তদান কাৰ্যসূচী, সতীৰ্থ ভৱন মুকলি, সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক সমাৰোহ, ন-পুৰণি সতীৰ্থ সন্মিলন, স্মৃতিগ্ৰন্থ উন্মোচন, তথ্যচিত্ৰ উন্মোচন, ন-পুৰণি শিক্ষক সমাৰোহ, শৈক্ষিক বক্তৃতা অনুষ্ঠান আদি ৰূপায়ন হ'ব। আনহাতে ১২ ডিচেম্বৰৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত  অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিবেশন কৰিব বুলি জানিব পৰা গৈছে।