সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদ, কাকপথাৰ আঞ্চলিক সমিতিৰ ক্ৰমে পঞ্চদশ আৰু অষ্টম দ্বি বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত। শ্ৰী শ্ৰী ভক্তভূজ সমন্বয় ক্ষেত্ৰ কাছিজান মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত কাইলৈ অৰ্থাৎ ৪ নৱেম্বৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হব। মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ যুটীয়া ভাবে অনুষ্ঠিত হব লগা অধিৱেশনত তিনিদিনীয়া কায্যসূচীৰে অনুষ্ঠিত হব লগা দ্বি বাৰ্ষিক অধিৱেশনখনি সর্বতো প্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাত পূৰ্ণ সমৰ্থন আৰু সকলোশ্ৰেণী ৰাইজৰ সহায় সহযোগীতা আৰু প্ৰতিটো দিনতে সকলো শ্ৰেণী ৰাইজৰ উপস্থিতি কামনা কৰিছে মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিৰ নেতৃত্বই।
কাইলৈৰ পৰা অনুষ্ঠিত হ'ব সদৌ মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ জাতীয় মহিলা পৰিষদ, কাকপথাৰ আঞ্চলিক সমিতিৰ দ্বি বাৰ্ষিক অধিৱেশন

