উজনি অসমৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰৰ অনুদানেৰে নিৰ্মিত এটা ডিজিটেল শ্ৰেণী কোঠা কাইলৈ উন্মোচন কৰিব অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে৷

কাইলৈ পুৱা ১০ বজাত শিক্ষামন্ত্ৰীগৰাকী বিদ্যালয়খনত উপস্থিত হ’বহি বুলি বিদ্যালয় কতৃৰ্পক্ষই  জনাইছে৷ উল্লেখ্য যে, বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ৰাজীৱ লোচন শৰ্মাই তেখেতৰ পিতৃ খগেন্দ্ৰ নাথ শৰ্মাৰ স্মৃতিত নিৰ্মাণ কৰি উলিওৱা এই ডিজিটেল শ্ৰেণী কোঠাটোত ছাত্ৰ-ছাত্ৰীসকলৰ অত্যাধুনিক তথা ডিজিটেল পদ্ধতিৰে পাঠ গ্ৰহণত নিশ্চিতভাৱে যথেষ্ট পৰিমাণে সহায়ক হ’ব৷

ইফালে শিক্ষামন্ত্ৰীগৰাকীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি সজাই-পৰাই তোলা হৈছে বিদ্যালয়খন৷ কিন্তু অতি আশ্চৰ্যজনকভাবে শ্ৰেণী কোঠা উন্মোচনী অনুষ্ঠানটো আয়োজনৰ বাবে ৩৬ গৰাকী শিক্ষক আৰু ৮ গৰাকী কৰ্মচাৰীৰ পৰা ৫০০ টকাকৈ চান্দা সংগ্ৰহ কৰাৰ উপৰিও প্ৰতিটো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ১০ টকাৰ পৰা ৩০ টকালৈকে চান্দা তুলি শিক্ষামন্ত্ৰীক আদৰণি জনোৱাৰ ব্যৱস্থা ল’বলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যই৷ অধ্যক্ষগৰাকীৰ এনে কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত৷

উল্লেখ্য যে, বিদ্যালয়খনৰ অধ্যক্ষগৰাকী কিছু দিন পূৰ্বে ৯২,২৭০ (বিৰানব্বৈ হাজাৰ দুশ সত্তৰ) টকাৰ এখন চেক জালিয়াতি কৰাৰ অভিযোগত অভিযুক্ত হৈছিল যদিও তেখেতৰ ওপৰত উদ্ধৰ্তম কতৃৰ্পক্ষই বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ আনকি চেক জালিয়াতিৰ দৰে এক গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাচতো চৰকাৰ বা শিক্ষা বিভাগে কোনো ধৰণৰ তদন্ত ঘোষণা কৰাৰ কথাও ৰাইজৰ দৃষ্টিগোচৰ হোৱা নাই৷  ফলত শিক্ষানুষ্ঠানখনত অদুৰ ভৱিষ্যতে এক বিশৃংখল পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷