সোণাৰিত শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাৰ আয়োজন

 শ্ৰী ৰামকৃষ্ণ সেৱা সমিতি, সোণাৰিৰ উদ্যোগত আজি শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজাৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি ২ নৱেম্বৰ পুৱা ৬.৩০ বজাত প্ৰথম পূজা অনুষ্ঠিত হোৱাৰ পিছত ক্ৰমে অঞ্জলি প্ৰদান আদিৰ পিছত দুপৰীয়া ১২.৩০ বজাৰ পৰা প্ৰসাদ বিতৰণ কৰা হব। সন্ধ্যা ৭.৫০ বজাত শান্তি আশীৰ্বাদেৰে পূজাৰ সমাপন হব। ৩ নৱেম্বৰত প্ৰতিমা নিৰঞ্জন কৰা হব বুলি উদ্যোগতা সকলে জনাইছে।