এতিয়া গোলাঘাটত গঢ় লৈ উঠিছে নাৰী দেহ ব্যৱসায়ীৰ ঘাটি। কলেজীয়া ছাত্ৰীক দেহ ব্যৱসায়ত জড়িত কৰি ধন ঘটিছে একাংশই। নিজ কন্যা নাৰী দেহ ব্যৱসায়ত জড়িত হৈ পৰাত এগৰাকী মাতৃয়ে দিছে চাঞ্চল্যকৰ ভাষ্য। চাও আহক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।

গোলাঘাটৰ শালমৰাৰ পৰা ৰঙাজান অভিমুখে যোৱা এই বাইপাছৰ কাষতে থকা এই ঘৰতে গঢ় লৈ উঠিছে নাৰী দেহ ব্যৱসায়। একাংশ কলেজীয়া ছাত্ৰী আহে এই ঘাটিলে। দিনে নিশাই মুকলিকৈ চলে নাৰী দেহৰ ৰমৰমীয় বেহা এই ঘৰ। এই ফটো সমূহ চাওক লয়লাস ভংগীমা থকা দীপলীপ সুন্দৰীৰ ফটোৰে আকৰ্ষিত কৰে গ্ৰাহকক। অভিযোগ অনুসৰি জনৈক গীতান্জলী নামৰ এগৰাকী যুৱতী আৰু চুমি শইকীয়া নামৰ এগৰাকী মহিলাৰ নেতৃত্বত চলি আছে এই দেহ ব্যৱসায়ৰ ঘাটি। এই গৰাকী মহিলাৰ নিজৰ কন্যা তথা কলেজত অধ্যনৰত ছাত্ৰী গৰাকী এই দেহ ব্যৱসায় ঘাটিত ধৰা পেলোৱাৰ পাছতে পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য।অতি দৰিদ্ৰ মহিলা গৰাকীয়ে কষ্ট কৰি ছোৱালীজনীক পঢ়া শুনা কৰোৱাইছিল যদিও কণ্যাক সকলো সুবিধা প্ৰদান কৰাত সমস্যা সন্মুখীন হোৱাৰ বাবে হে অভাবত স্বভাৱ নষ্ট হৈছে বুলি অনুভৱ কৰিছে মাতৃ গৰাকীয়ে। গীতাঞ্জলি আৰু সূমি শইকীয়াৰ বিৰূদ্ধে গোলাঘাট থানা এখন এজাহাৰ দাখিল কৰিছে