বৃহত্তৰ ঔতলাৰ  গৰখীয়া শ্ৰীশ্ৰী বিষ্ণু মন্দিৰৰ সাৰ্বজনীন গোষ্ঠাষ্টমী পূজা বেঙ্গাবড়া গৰখীয়া শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ প্ৰাঙ্গনত দুদিনীয়া কাৰ্যসূচীৰে উদ্ যাপন হৈছে। দৰং জিলাৰ ঔতলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত বেঙ্গাবড়া গাঁৱত চিৰপ্ৰবাহমান নোৱানৈৰ পশ্চিম পাৰত ১৯৫৫ চনত স্থাপিত ঐতিহ্য মণ্ডিত গৰখীয়া শ্ৰীশ্ৰী বিষ্ণু মন্দিৰৰ পূজাখন ৩৭ বছৰত উপনীত হৈছে। ৩১ অক্টোবৰ আৰু ১ নবেম্বৰ,২০২২ সোমবাৰ আৰু মঙ্গলবাৰে পূজা ভাগ বিভিন্ন কাৰ্যসূচীৰে মন্দিৰ পৰিচালনা আৰু উদ্ যাপন সমিতিয়ে ৰূপায়ন কৰিছে।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

এই বেলি  তিনি গৰাকী বদান্য দাতাই  কৃত্ৰিম আটকধুনীয়া বিন্দাবনৰ বাগিচা প্ৰস্তুত কৰি ভক্ত প্ৰাণ ৰাইজৰ সমাদৰ লাভ কৰিছে।‌‌‌‌‌‌‌‌‌‌‌প্ৰথম দিনৰ কাৰ্যসূচীত বৃন্দাবন বাগিচা খন আনুষ্ঠানিক ভাৱে মুকলি কৰে কলাইগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া ৰবীন বৰুৱাই। তেওঁ  আশা প্ৰকাশ কৰে যে এই পূজা থলীয়ে এটা সময়ত গৈ ৰাসোৎসৱলৈ পৰ্যবেশিত হ'ব। আজি পুৱাৰে পৰা যথেষ্ট সংখ্যক ভক্তই ভগৱান শ্ৰীশ্ৰী বিষ্ণুৰ শ্ৰীচৰণত নৈবেদ্য শৰাই  আগবঢ়াবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে  আজিৰ প্ৰধান কাৰ্যসূচী সমূহত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।