নিৰ্বাচনৰ পূৰ্বে মাইক্ৰফাইনেঞ্চৰ ঋণগ্ৰস্ত মহিলা সকলক ঋণ ৰেহাই দিয়া হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্রী মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। কিন্তু ঋণ মাফৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে ঋন ৰেহাই দিয়া নাই। এই অভিযোগ সদৌ অসম মাতৃ সন্থাৰ। টিংখাঙৰ নিগমত অনুষ্ঠিত হোৱা সদৌ অসম মাতৃ সন্থাৰ টিংখাং আঞ্চলিক সমিতিযে মাইক্ৰফাইনেঞ্চৰ সজাগতা সভা এই মন্তব্য কৰে।
শেহতীয়াকৈ একাংশ ঋনগ্ৰস্ত মহিলাক ২৫,০০০ টকা চেক বিতৰণ কৰা হৈছে যদিও কিন্তু বৰ্তমান লৈকে ঋণত জুৰুলা মহিলা সকলে ঋণ ৰেহাই পোৱা নাই। ঋণ গ্ৰস্ত মহিলা সকলক ঋণ ৰেহাই প্ৰদান কৰিবলৈ মুখ্যমন্ত্রী মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা লৈ আহ্বান জনাইছে মহিলা সকলে। শীঘ্ৰে ঋণ ৰেহাই নিদিলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ দিছে সদৌ অসম মাতৃ সন্থাৰই।
 
  
  
  