সোমবাৰে নতুন দিল্লীত মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছলিহৰ আদৰণি অনুষ্ঠানৰ সময়ত ‘বিকৃত’ বিহু নৃত্য প্ৰদৰ্শনৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে অসম চৰকাৰে।

বিকৃত ৰূপত উপস্থাপন কৰা বিহু নৃত্যৰ সেই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ইয়াক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল।

এই সন্দৰ্ভত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ কাৰ্যালয়ে জনোৱা মতে, মালদ্বীপৰ ৰাষ্ট্ৰপতি গৰাকীৰ আদৰণি অনুষ্ঠানত বিহু নৃত্য পৰিৱেশন কৰা দলটো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা প্ৰেৰিত দল নাছিল।

মন্ত্ৰীগৰাকীয়ে ঘটনাটো সন্দৰ্ভত শীঘ্ৰে এক প্ৰতিবেদন দাখিল কৰিবলৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদুৰীক নিৰ্দেশ প্ৰদান কৰিছে।