ছিপাঝাৰৰ বৰদৌলগুৰিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা।
এম্বুলেন্স আৰু টেল পৰিবাহী টেংকাৰৰ মুখামুখি সংঘৰ্ষ।
এম্বুলেন্সৰ ড্ৰাইভাৰসহ গুৰুতৰ ভাৱে আহত পাঁচগৰাকী লোক।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা টংলাৰ টোকানকাটালৈ প্ৰসূতি কঢ়িয়াই আনিছিল এম্বুলেন্সখনে।
চিকিৎসালয়ত মৃত্যু হোৱা এটি শিশুসহ প্ৰসূতি এগৰাকী আছিল উক্ত এম্বুলেন্সত।
দূৰ্ভাগ্যজনকভাৱে AS 01LC5001নম্বৰৰএম্বুলেন্সখনে খুন্দা মাৰে মঙলদৈ-গুৱাহাটী অভিমুখি AS15 C3201 টেল পৰিবাহী টেংকাৰখনত।
পুৱা ৫-৩০ বজাতে সংঘটিত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত এম্বুলেন্সৰ ড্ৰাইভাৰজন নগাঁও তেতেলীয়াৰ পৰাগজ্যোতি নাথ বুলি জানিব পৰা গৈছে।
বাকীলোকসকলৰ নাম জানিব পৰা হোৱা নাই।
আহত লোক সকলক ছিপাঝাৰ আৰক্ষীয়ে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।