মাজুলী ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰৰ চাফাই : গুৰুত্বপূৰ্ণ নথী চুৰি
উজনী মাজুলী ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কালি নিশা এক চুৰিকাণ্ড সংঘটিত হয়। কোনো দুৰ্বিত্বই অধ্যক্ষৰ ৰুমৰ দজাৰ তলা ভাঙি প্ৰৱেশ কৰি টেবুলৰ দ্ৰয়াৰ আৰু গডৰেজৰ তলা ভাঙি বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথি পত্ৰৰ ফাইল, SMDC ৰ নথি পত্ৰৰ ফাইল পুৰনি বেংকৰ পাচবুক সমূহ আৰু গডৰেজ আৰু টেবুলৰ ডয়াৰ এটা ছাবি লৈ যায়। অন্যহাতে শিক্ষকৰ উপস্থিতিৰ হাজিৰা বহী শিক্ষকৰ নৈমিতক ছুটিৰ আৱেদন ফাইল ছাত্ৰ ছাত্ৰীৰ ছুটিৰ অনুমতি লোৱা ফাইল প্ৰশ্ন কাকত বিতৰন কৰা ফাইল কৰ্মচাৰী সকলৰ বিদ্যুত মাচুল পৰিশোধ কৰা নথিপত্ৰ সমূহৰ লগতে বিশেষকৈ গুৰুত্বপূৰ্ণ বিদ্যালয়ৰ আন্তঃগাঠনি আৰু খেলপথাৰ উন্নয়নৰ কেচবুক দুখন আৰু বিদ্যালয়ৰ ভাওচাৰ ফাইলতো লৈ যায় চোৰে। ইয়াৰে কিছুমান ফাইল বিদ্যালয়ৰ কাসৰ পুখুৰীত পেলাই থৈ যায়। বৰ্তমান জেংৰাইমূখ থানাত গোচঁৰ তৰিছে বিদ্যালয় খনে। জেংৰাইমূখ থানাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে , কিন্তু কোনে কি হৰ স্বাৰ্থত এই কাণ্ড সংঘটিত কৰিছে সেয়া ৰহস্যৰ আৱত্তত ৷ অভিভাৱক সকলে এতিয়া বিষয়টো গুৰুত্বসহকাৰে লৈ আৰক্ষীক সঠিক তদন্তৰ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷
 
  
  
   
  
   
  