চৰাইদেউৰ সাপেখাতিত আদিবাসী শান্তি চুক্তিকাৰীক বিপুল আদৰণি

সাপেখাতীত ৫টাকৈ আদিবাসী শান্তিচুক্তি স্বাক্ষৰকাৰী দলক উষ্ম আদৰণি অনুষ্ঠান অনুষ্ঠিত।

অস্ত্ৰই কেতিয়াও শান্তি আনিব নোৱাৰে। অস্ত্ৰই ধ্বংস আনে। অস্ত্ৰ হৈছে আত্মৰক্ষাৰ সজুলি। এই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুওৱালে ৮টাকৈ ঐতিহাসিক আদিবাসী বিদ্ৰোহী সহস্ত্ৰ গোটে।

১৫ ছেপ্টেম্বৰ তাৰিখে দিল্লীৰ গৃহ মন্ত্ৰণালয়ত ভাৰত তথা অসম চৰকাৰৰ লগত ৫ টাকৈ আদিবাসী বিদ্ৰোহী সংগঠনৰ ৮ টাকৈ গোটে শান্তি চুক্তি স্বাক্ষৰিত কৰিলে। এয়া অসমৰ বাবে সুখবৰ।

আজি চৰাইদেউ জিলাৰ  সাপেখাতী ৰাজহুৱা খেলপথাৰত চৰাইদেউ জিলাৰ আদিবাসী জাতীয় দল সংগঠন সমাজৰ উদ্যোগত আৰু চৰাইদেউ জিলা আদিবাসী ৰাইজৰ সহযোগত ঐতিহাসিক আদিবাসী শান্তি চুক্তি স্বাক্ষৰকাৰী দলক উষ্ম আদৰণি জনায়।

পুৱাৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ৰূপলাল মাঝি (হাছদা)।

আদিবাসী জাতিৰ সাংস্কৃতিক নৃত্যৰে আমন্ত্ৰিত অতিথি সকলক আদৰণি জনায়।

ৰূপলাল হাচদাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত আদিবাসী সংগ্ৰামী যুৱনেতা বলদেৱ তেলীৰ লগতে বহুকেইজন বিশিষ্ট্য ব্যক্তি উপস্থিত থাকে।

বিৰছা কামাণ্ডো ফৰ্চ, অসম আদিবাসী কোব্ৰা মিলিটাৰী, সদৌ আদিবাসী পিপলছ আৰ্মি, সন্থল টাইগাৰ ফৰ্চ, সদৌ আদিবাসী ৰাষ্ট্ৰীয় মুক্তি সেনা, আটাইকেইটা বিদ্ৰোহী সংগঠনৰ বিষয় ববীয়ক একোখনকৈ গামোচা পিন্ধাই উষ্ম আদৰণি জনায়।