আজি নাজিৰাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিবস উদযাপন । নাজিৰাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আৰু ১১ আসাম গাৰ্লচ (I) এন.চি. চি আৰু ৪৯ আসাম নেভেল ইউনিট, শিৱসাগৰ আৰু গড়গাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৭ সংখ্যক জন্মদিৱস উপলক্ষে ৩১ অক্টোবৰত 'একতাৰ দৌৰ' (RUN FOR UNITY) কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড° ৰিমঝিম বৰা, এন.চি.চি ৰ সমন্বয়ক ড° ৰক্তিম ৰঞ্জন পাটৰে আঁত ধৰা অনুষ্ঠানটিত 

ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ড° দিলীপ কুমাৰ ডেকা আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° পৱনকুমাৰ গগৈদেৱে ৰাষ্ট্ৰীয় একতা দিৱসৰ শপত বাক্য পাঠ কৰে। অনুষ্ঠানটিত প্ৰায় দুশৰো অধিক ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক -স্বেচ্ছাসেৱিকা,এন.চি. চি

কেডেট, গড়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক -শিক্ষয়িত্ৰী সমন্বিতে সকলোৱে শপত গ্ৰহণ কৰে।

এই দৌৰৰ শুভাৰম্ভ মহাবিদ্যালয়ৰ চৌহদৰ পৰা বালিঘাট টাউন হৈ ঐতিহ্যমণ্ডিত কাৰেঙঘৰলৈকে অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড০সব্যসাচী মহন্তই অনুষ্ঠানটিৰ অনুষ্ঠানটিৰ সফলতাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।