লৌহমানৱ চৰ্ডাৰ বল্লৱভাই পেটেলৰ জন্মদিনটো বিগত ২০১৪ চনৰে পৰা সমগ্ৰ দেশে ৰাষ্ট্ৰীয় একতা দিৱস হিচাবে পালন কৰি আহিছে৷আজিৰ দিনটো তেওঁৰ জন্মদিন৷আজি সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়টো উদযাপন কৰে৷
মহাবিদ্যালয় এন এছ এছ গ্ৰুপ আৰু আই কিউ এ চেলৰ যুটীয়া উদ্যোগত ছাত্ৰছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ সহযোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি এটি একতা দৌৰৰো আয়োজন কৰে৷একতা দৌৰ উদ্বোধন কৰে মহাবিদ্যালয় আই কিউ এ চেলৰ সমন্বয়ক খাইৰুজ জামানে৷
একতা দৌৰৰ অন্তত খাইৰুজ জামানাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে আতধৰে এন এছ এছৰ সমন্বয়ক জ্যোতিৰ্ময় ডেকাই৷সভাত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড°পাচান আলি আৰু আই কিউ এ চেলৰ সহ সমন্বয়ক তপন কুমাৰ শৰ্মাই অংশগ্ৰহণ কৰে৷