দেশৰ অন্যতম ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ নতুন পৰিচালন সঞ্চালক হিচাপে নিযুক্তি প্ৰদান কৰিছে ড০ ৰঞ্জিত ৰথক। আই আই টি বম্বে আৰু আই আই টি খৰগপুৰৰ প্ৰাক্তন ছাত্ৰ ড০ ৰঞ্জিত ৰথে ২ আগষ্টত নয়দাত ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰীয় অন্বেষণ আৰু উৎপাদন প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ নতুন অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে, ড° ৰথে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা সন্মানীয় ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা লাভ কৰি গৌৰৱ অৰ্জন কৰিছিল। ড০ ৰঞ্জিত ৰথ ভূ-বিজ্ঞানৰ ক্ষেত্ৰত ২৫ বছৰতকৈ অধিক সময়ৰ অভিজ্ঞতা আৰু বিশেষজ্ঞতা সম্পন্ন এজন ভূ-বিজ্ঞানী। ড০

ৰথে ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনৰ নৱৰত্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান অইলত যোগদান কৰাৰ পূৰ্বে খনি মন্ত্ৰালয়ৰ অধীনত মিনাৰেল এক্সপ্ল'ৰেচন এণ্ড কনচালটেন্সি লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক, খনিজ বিদেশ ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া, ভাৰত গ'ল্ড মাইনচ লিমিটেডৰ পৰিচালন সঞ্চালক থকাৰ লগতে ভাৰত চৰকাৰৰ অধীনত ভাৰতৰ ভূ-তাত্বিক জৰীপৰ মহানিৰ্দেশকৰ অতিৰিক্ত দায়িত্বতো আছিল।

ড° ৰথৰ কৰ্মৰ পৰিসৰ কৌশল প্রণয়ন, ব্যৱসায়িক বিকাশ আৰু আপষ্ট্ৰিম সম্পত্তি ব্যৱস্থাপনাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পত ভূ-বিজ্ঞান আৰু অন্বেষণ ভূতত্ত্বৰ প্ৰয়োগলৈকে বিচিত্ৰধৰ্মী ভূমিকাৰে সমৃদ্ধ৷ গুৰুত্বপূৰ্ণ প্রকল্পসমূহৰ ভিতৰত খাৰুৱা তেলৰ কৌশলগত সংৰক্ষণৰ বাবে ভূগর্ভস্থ শিলৰ গুহাসমূহৰ সৈতে জড়িত শক্তি সুৰক্ষাৰ দিশত ভাৰত চৰকাৰৰ এক পদক্ষেপ কৌশলগত পেট্ৰ'লিয়াম সংৰক্ষণ (এছপিআৰ) সৃষ্টিও অন্তর্ভূক্ত।