যোৱা ৩০ অক্টোবৰত অৱসৰী শিক্ষক, সাহিত্যনুৰাগী চন্দ্ৰ কান্ত শৰ্মাৰ   গীত আৰু কবিতাৰ সংকলন "বিৱৰ্তন" নিজা বাসগৃহত উন্মোচন কৰে লোক সংস্কৃতিৰ সাধক , সাংস্কৃতিক কৰ্মী তৰুণ আজাদ ডেকাই। গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষনত ডেকাই কয় যে 'গ্ৰন্থৰ অমিয় ধাৰা মানৱ সমাজত সদায় প্ৰবাহিত হৈ থাকিব|' 

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

আনহাতে শ্ৰী শৰ্মাৰ নিজা কথা আৰু সুৰেৰে  ভতিজা দ্বয়   প্ৰিয়লক্ষী গৌতম আৰু পৰিণীতা শৰ্মাই কণ্ঠদান কৰা  গীত  "বসন্ত বৰ্ণণৰ" আধাৰত   চিত্ৰায়ন কৰা ভিডিঅ' টো উন্মোচন কৰে  অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাজ্যৰ প্ৰথিতযশা কণ্ঠশিল্পী ড° অনিমা চৌধুৰীয়ে।‌‌ তেওঁ গীতটিৰ উচ্চ প্ৰশংসা কৰি অনুষ্ঠানটিৰ  উদ্যোক্তা পৰিয়ালটিক ধন্যবাদ জনায়। অনুষ্ঠানত উপস্হিত থকা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি সকলক যাদুকৰী কন্ঠৰে পৰিবেশন কৰা তেখেতৰ তিনিটা গীতে সন্মোহিত কৰে। নৱ প্ৰজন্মৰ শিল্পী সকলক উদ্দেশ্যি ড°চৌধুৰীয়ে কয় যে 'প্ৰকৃত সাধনাৰ দ্বাৰাহে শিল্পী সকলৰ উত্তৰণ সম্ভৱ আৰু সংগীত  হৈছে সুস্থ মানৱ জীৱনৰ মহৌষধ'| 

অনুষ্ঠানটিত ড° চৌধুৰীৰ স্বামী অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সঞ্চালক কমল চৌধুৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।  স্হানীয় অনাতাঁৰ শিল্পী ধীৰেন ডেকাই পৰিৱেশন কৰা গীত টিয়ে  শ্ৰোতাবৃন্দক আপ্লুত কৰে। সমগ্ৰ অনুষ্ঠানটি নিয়াৰিকৈ পৰিচালনা কৰে অসমীয়া প্ৰতিদিন কাকতৰ কলাইগাঁওৰ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ প্ৰসাদ চহৰীয়াই।