"ভ্ৰষ্টাচাৰ মুক্ত ভাৰত - বিকশিত ভাৰত" এই শ্লোগান সৰোগত কৰি সমগ্ৰ দেশজুৰি ৩১ অক্টোবৰ ৰ পৰা ৬ নবেম্বৰলৈ  পালন কৰা হ'ব তদাৰকী সজাগতা সপ্তাহ।‌‌‌‌‌‌ উক্ত কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান, চমুকৈ আৰছেটি দৰং ত প্ৰশিক্ষাৰ্থী আৰু অন্যান্য ব্যক্তিসকলৰ উপস্হিতিত এখনি বাটৰ নাট প্ৰদৰ্শন কৰা হ‌য়। আৰছেটি দৰংৰ কৰ্মচাৰী বৃন্দই পৰিবেশন কৰা নাটখনৰ জৰিয়তে দুৰ্নীতিৰ কুফল সমূহ প্ৰতিফলিত কৰি উপস্হিতি সকলোৱে দুৰ্নীতিৰ বিৰুদ্ধে সজাগ হ'বলৈ সংকল্পবদ্ধ হয়। 

#Local News