সৰ্প দংশনৰ পাছত পাঁচ দিনে মৃত্যুৰ স'তে যুঁজি আজি হাৰ মানিলে বিশিষ্ট সাংবাদিক অসীমজ্যোতি বৰাই। ৩৬ বছৰীয়া অসীমজ্যোতি বৰাৰ অকাল মৃত্যুৰ খবৰে সকলোকে শোকস্তব্ধ কৰিছে।
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
উল্লেখযোগ্য যে যোৱা ৩০ জুলাইত সৰ্পদংশনৰ বলি হোৱা গোলাঘাট জিলাৰ নুমলীগড়ৰ সাংবাদিক অসীমজ্যোতি বৰাই আজি বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে।
যোৱা ৩০ জুলাই পুৱা ঘৰৰ বাহিৰলৈ ওলাওঁতেই তেওঁক বিষাক্ত সাপে দংশন কৰিছিল৷ লগে লগে পৰিয়ালৰ লোকে নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত ভৰ্ত্তি কৰে৷ চিকিৎসালয় পোৱাৰ কিছু সময়ৰ পাছতে তেওঁ সংজ্ঞা হেৰুৱাই পেলাইছিল আৰু আইচিইউত ৰাখি চিকিৎসকসকলে উপলব্ধ সকলো চিকিৎসা প্ৰদান কৰে। ইপিনে চিকিৎসালয় কৰ্তৃপক্ষ আৰু মৰঙি প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰিয়ংদ্বীপ কাকতিয়ে সৰ্প বিশেষজ্ঞ হিচাপে বিশেষ খ্যাতি অৰ্জা ডিমৌ চিকিৎসা কেন্দ্ৰৰ চিকিৎসক ডাঃ সুৰজিৎ গিৰিক এনআৰএল-ৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়লৈ আনি বিশেষ চিকিৎসাৰ ব্যৱস্থা কৰে৷ তথাপি অসীমজ্যোতি বৰাৰ স্বাস্থ্যৰ কোনো উন্নতি নঘটাত কালি তেওঁক লৈ যোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ৷ অৱশেষত সকলো প্ৰচেষ্টাক বিফল কৰি আজি অসীমজ্যোতি বৰাই চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে৷
দহ বছৰে সংবাদক্ষেত্ৰত নিৰৱচ্ছিন্ন ভাৱে সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াই সকলোৰে সমাদৰ লাভ কৰা অসীমজ্যোতি বৰা সদা-হাস্যমুখৰ আৰু অতি সৰবৰহী আছিল।
অসীমজ্যোতি বৰাৰ মৃত্যুত অঞ্চলটোৰ সকলো দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।
অসীমজ্যোতি বৰাই মৃত্যুৰ সময়ত তিনি বছৰীয়া এটি কন্যা সন্তানসহ পত্নী, দুজন ভ্ৰাতৃ-বৌ, পিতৃৰ লগতে অলেখ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ গৈছে৷
উল্লেখযোগ্য যে প্ৰয়াত অসীমজ্যোতি বৰাৰ অন্ত্যেষ্টিক্ৰিয়া কালিলৈ সম্পন্ন কৰা হ’ব৷ ইপিনে কালিলৈ পুৱা মৰঙি প্ৰেছ ক্লাৱৰ উদ্যোগত অসীমজ্যোতি বৰাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব আৰু এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শেষ শ্ৰদ্ধা জনাবলৈও সকলোকে আহ্বান জনাইছে মৰঙি প্ৰেছ ক্লাৱৰ সভাপতি আৰু সম্পাদকে।