ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে সোণাৰিত একতাৰ দৌৰ। 

সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতবৰ্ষৰ অন্যতম খনিকৰ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে আজি ৩১ অক্টোবৰৰ দিনটো সমগ্ৰ দেশতে “ৰাষ্ট্ৰীয় একতা দিৱস” হিচাপে উদযাপন কৰা হয়।

“ৰাষ্ট্ৰীয় একতা দিৱস” উপলক্ষে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱাই সোণাৰি ৰাজহুৱা খেলপথাৰৰ পৰা এক “একতাৰ দৌৰ”ৰ আয়োজন কৰা হয়।

আজিৰ এই কাৰ্যসূচীত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, জিলা উপায়ুক্তৰ লগতে জিলা আৰক্ষী অধীক্ষক , জিলা প্ৰশাসন আৰু চৰকাৰী বিভাগ সমূহৰ বিষয়-ববীয়া, আৰক্ষী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, অসামৰিক প্ৰতিৰক্ষা, গৃহৰক্ষী বাহিনী, বিভিন্ন ক্রীড়াবিদ, ক্ৰীড়া সংগঠক আদিকে কৰি গৰিষ্ঠ সংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে এই একতাৰ দৌৰত।