ষঠ পূজাৰ আনন্দৰ মাজতে এক শোকাৱহ ঘটনা সংঘটিত হৈছে অসমত। 

বৰপেটাৰোড চহৰত ষঠ পূজাত এই অঘটনটো সংঘটিত হৈছে।

পূজাত অংশ ল’বলৈ যোৱা এজন ভক্তৰ সলিল সমাধি ঘটে। মৰা মানাহ নৈৰ বিষ্ণু-জ্যোতি সৰোবৰত এই ঘটনাটো সংঘটিত হৈছে। 

মৃত লোকজনৰ নাম বাসুদেৱ ঘোষ বুলি জানিব পৰা গৈছে। মৃত বাসুদেৱ ঘোষৰ ঘৰ বৰপেটা ৰোডৰ শক্তি নগৰত।

বাসুদেৱে পৰিয়ালৰ লোকৰ সৈতে ষঠ পূজাত ভাগ ল’বলৈ আহিছিল। ঘটনাৰ পিছতে SDRF বাহিনীয়ে পানীৰ পৰা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে