ভগা হাড়ৰ চিকিৎসাৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা নিৰূপণ কৰাৰ ক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰিছে আই আই টি গুৱাহাটীৰ এদল গৱেষকে৷ উৰুৰ হাড় ভাগিলে চিকিৎসাৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা আছে নে নাই বা অস্ত্ৰোপচাৰৰ পাছত ভগা হাড় জোৰা লাগিবনে নাই তাক কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে নিৰূপন কৰিব৷ কৃত্ৰিম বৃদ্ধিমত্তাক হাড় ভগা চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা এই অভিনৱ আৰ্হি উদ্ভাৱন কৰিছে আই আই টি গুৱাহাটীৰ অধ্যাপক সৌপটিক চান্দৰ নেতৃত্বত এটা গৱেষকৰ দলে৷ বিশেষকৈ বয়সস্থ লোকৰ ক্ষেত্ৰত উৰুৰ হাড় ভাগিলে জোৰা লগাটো কঠিন আৰু অধিক ব্যয় বহুল হিচাপে চিহ্নিত হৈ আহিছে৷ এই ক্ষেত্ৰত ৰোগীৰ শাৰীৰিক যন্ত্ৰণা আৰু পৰিয়ালৰ আৰ্থিক বোজা হ্ৰাস কৰাৰ স্বাৰ্থতে এই অভিনয় মডেল প্ৰস্তুত কৰিছে গৱেষকৰ দলটোৱে৷

পৰম্পৰাগত পদ্ধতি অনুসৰি অস্ত্ৰোপচাৰ বিশেষজ্ঞই ভগা ঠাইত সাময়িকভাৱে ষ্টীলৰ প্লেট বা ৰড ৰাখে৷ এই সমগ্ৰ পদ্ধতি কিমান সফল হ’ব বা ই আচলতে সফল হ’ব নে নহয়, সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে চিকিৎসকৰ অভিজ্ঞতা আৰু ৰোগ নিৰ্ণয় কৰাৰ ক্ষমতাৰ ওপৰত৷ এই ক্ষেত্ৰত ড॰ সৌপটিক চান্দে কয়– ‘ব্যক্তিগত ৰোগীৰ শাৰীৰিক অৱস্থা আৰু পূৰ্বতে থকা জটিলতাসমূহ বুজি পাই হাড় ভগাৰ ধৰণ নিৰ্ণয় কৰা আৰু চিকিৎসাৰ ধৰণ নিৰ্বাচন কৰাটোৱে ভৱিষ্যতৰ চিকিৎসা বিজ্ঞানৰ বাবে এক বৃহৎ ভূমিকা পালন কৰিব পাৰিব৷’ শেহতীয়াকৈ গৱেষকৰ দলটোৱে এটা ছফটৱেৰ তথা এপ্লিকেচন প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছে৷ এই ছফটৱেৰ ‘এলগ’ৰিথম’ৰ ওপৰত ভিত্তি কৰি চিকিৎসালয়সমূহে চিকিৎসা কৰিব পাৰিব৷ গৱেষণাৰ বিষয়ে উল্লেখ কৰি আই আই টি গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক সৌপটিক চান্দে লগতে কয়– ‘জটিল জৈৱিক পৰিঘটনাসমূহ বুজিবলৈ আৰু ভৱিষ্যদ্বাণী কৰাৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু সেয়েহে স্বাস্থ্য বিজ্ঞানত ডাঙৰ ভূমিকা পালন কৰিব পাৰে৷’ গৱেষক দলটোৱে বিভিন্ন চিকিৎসা পদ্ধতিৰ পিছত হাড় ভগাৰ নিৰাময় প্ৰক্ৰিয়া বুজিবলৈ Finite Element Analysis আৰু ৰু AI tool, Fuzzy Logicৰ সংমিশ্ৰণ ব্যৱহাৰ কৰিছে৷

ইয়াৰ বাবে নিয়মভিত্তিক অনুকৰণ আঁচনিৰ সৈতে বিভিন্ন হাড়-বৃদ্ধিৰ পৰিমাপ ব্যৱহাৰ কৰা হৈছিল৷ আই আই টি গুৱাহাটীৰ কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক মডেলে এজন অস্ত্ৰোপচাৰ কৰ্মীক হাড় ভগা চিকিৎসাৰ অস্ত্ৰোপচাৰৰ পূৰ্বে সঠিক ইমপ্লাণ্ট বা কৌশল বাছি লোৱাত সহায় কৰিব পাৰে৷ বিভিন্ন জৈৱিক আৰু ৰোগী-নিৰ্দিষ্ট পৰিমাপৰ উপৰি আৰ্হিটোৱে বিভিন্ন ক্লিনিকেল পৰিঘটনাৰ বাবেও হিচাপ দিব পাৰে৷ আৰ্হিটো পশু চিকিৎসাৰ হাড় ভগাৰ চিকিৎসাৰ ক্ষেত্ৰটো ব্যৱহাৰযোগ্য বুলি কোৱা হৈছে৷