আজি গুৱাহাটীৰ বিভিন্ন বিদ্যালয় পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ১০০০ খন বিদ্যালয়ৰ পুৰণি গৃহ ভাঙি নতুনকৈ বিদ্যালয় গৃহ সজাই তোলা হ’ব বুলি ঘোষণা কৰে। 

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, সকলো চৰকাৰী বিদ্যালয়ে লাভ কৰিব নতুন আন্তঃগাঁথনি। ইয়াৰ পৰীক্ষামূলক হিচাপে গুৱাহাটীৰ ১০খন বিদ্যালয়ে ১ম পৰ্যায়ত নতুন গৃহ লাভ কৰিব।

১০০০ খন বিদ্যালয়ৰ নতুন আন্তঃগাঁথনিৰ বাবে চৰকাৰে মুঠ ৫০০০ কোটি টকা ব্যয় কৰিব। 

বিদ্যালয় চৌহদত শ্ৰেণীকোঠাসমূহ নিৰ্মাণৰ পাছত অতিৰিক্ত ভাবে ৰৈ যোৱা ঠাইত খেলপথাৰ নিৰ্মাণ কৰা হ’ব।

উল্লেখযোগ্য যে, ৰাজ্যৰ মুঠ ৪ হাজাৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰ লক্ষ্য লোৱা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

বিদ্যালয় সমূহৰ নতুন আন্তঃগাঁথনিৰ কাম ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে।