গোলাঘাটৰ নৱ যুৱ শক্তিৰ উদ্যোগত গোলাঘাট ধনশিৰি নদীৰ ঘাটত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে শ্ৰীশ্ৰী সূৰ্য ষষ্ঠী ব্ৰত পূজা । সৰুপথাৰ সমষ্টিৰ বিধায়ক, অসম সমবায় এপেক্স বেংকৰ অধ্যক্ষ, জনপ্ৰিয় নেতা বিশ্বজিৎ ফুকনে মূল মণ্ডপৰ ফিটা কাটি আজি সূৰ্য ষষ্ঠী ব্ৰত পূজাৰ আজি শুভাৰম্ভ কৰে।

এই উপলক্ষে ধনশিৰি ঘাটত বিপুল সমাৱেশ,উদুলি-মুদুলি পৰিৱেশ । উল্লেখ্য যে মূল পথৰ পৰা ধনশিৰি ঘাটলৈ যোৱা পথচোৱাৰ কৰ্দয্য অৱস্থাৰ ৰাইজে দীৰ্ঘদিন ধৰি দুৰ্যোগ আহিছিল । ৰাইজৰ সুবিধাৰ্থে এই পথচোৱা তৎপৰতাৰে কম সময়ৰ ভিতৰতে বিধায়ক বিশ্বজিৎ ফুকনে পকীকৰণ কৰাত ৰাইজে পৰম সন্তুষ্টি প্ৰকাশ কৰি বিধায়ক কৃতজ্ঞতা জনোৱাৰ লগতে আজি বিশেষভাৱে সম্বৰ্দ্ধনা জনায়।

বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ বিপুল সমাগমেৰে ধনশিৰিঘাটত এক অনন্য পৰিৱেশৰ উন্মেষ ঘটাইছে। ভক্তিৰসত বিলীন হৈছে সকলো। আজি ওৰেটো নিশা চলিব পূজা-পাৰ্বন। নৱ-যুৱ শক্তিৰ অধ্যক্ষ চুমন সিঙে শান্তি-শৃঙ্খলা বৰ্তাই ৰাখি পূজাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনাইছে ।