ছিপাঝাৰত ননৈ নদীত মহিলাৰ মৃতদেহ উদ্ধাৰ।

স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ।

মহিলাগৰাকীৰ স্বামীক গ্ৰেপ্তাৰৰ দাবীত ছিপাঝাৰ থানা উত্তপ্ত কৰি তোলে শতাধিক মহিলাই।

উল্লেখ্য যে , বিগত চাৰিদিনে সন্ধানহীন হৈ আছিল ছিপাঝাৰৰ গোপালপুৰ গাঁৱৰ মণীষা ডেকা নামৰ ন মাহৰ গৰ্ভৱতী আৰু নমহীয়া কন্যা সন্তানৰ মাতৃ মহিলাগৰাকী।

ইতিমধ্যে মহিলাগৰাকীৰ স্বামী দিপাংকৰ ডেকাই ছিপাঝাৰ থানাত মণীষা ডেকা নিৰুদ্দেশৰ এজাহাৰো দাখিল কৰিছিল।

কিন্তু আজি পুৱাৰ ভাগতে খান্দাজানত ননৈ নদীৰ পানী জুৱলিত উদ্ধাৰ হয় মণীষা ডেকাৰ মৃতদেহ। এই ঘটনাক লৈ স্বামী আৰু শাহুৱেকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলি এনেদৰে ছিপাঝাৰ থানা উত্তপ্ত কৰি তুলিছে এই সকল মহিলাই।

এওঁলোকৰ দাবী, স্বামী দিপাংকৰ ডেকাই মাতৃৰে মিলি নিতৌ অত্যাচাৰ কৰিছিল মণীষা ডেকাক। সেয়ে পত্নীহন্তা দিপাংকৰক মাতৃৰে সৈতে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহিব লাগে।