চৰাইদেউ জিলাৰ দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অহা ৪, ৫ আৰু ৬ নৱেম্বৰত তিনি দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে গৌৰৱোজ্জ্বল শতবৰ্ষৰ সামৰণি অনুষ্ঠান উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে৷

ইতিমধ্যে ১০৩ বৰ্ষত ভৰি দিয়া বিদ্যালয় খনৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। ইফালে সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰাক্তন ছাত্ৰছাত্ৰী সকলে নিৰ্মাণ কৰি উলিওৱা তোৰণখন আজি অনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।