নৱপ্ৰজন্ম যাতে ড্ৰাগছৰ কৱলত পৰি জীৱন ধ্বংস নহয় তাৰ বাবে এক বিশেষ প্ৰচেষ্টা সাংসদ গৌৰৱ গগৈৰ৷ গৌৰৱ গগৈৰ ফেন ক্লাৱৰ উদ্যোগত এখন ড্ৰাগছমুক্ত অসম গঢ়ো আহক শ্ল’গানেৰে গোলাঘাটৰ তেতেলীতলৰ পৰা গোলাঘাট নগৰৰ মাজমজিয়ালৈকে সামূহিকভাৱে মাৰাথনত অংশগ্ৰহণ কৰে সাংসদগৰাকীয়ে ৷

বৰ্তমান একাংশ নৱপ্ৰজন্ম ভয়াবহ ড্ৰাগছৰ কৱলত পৰি জীৱন ধ্বংস হোৱাৰ কথা উল্লেখ কৰি সাংসদগৰাকীয়ে এটা সুষ্ঠ শৰীৰ তথা স্বাস্থ্যৰ প্ৰতি যত্ন ল’বলৈ সকলোকে আহ্বান জনাই ৷ প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু ফেন ক্লাৱৰ সদস্যই অংশগ্ৰহণ কৰা মাৰাথানৰ জড়িয়তে সাংসদগৰাকীয়ে এক বিশেষ বাৰ্তা দিবলৈ যত্ন কৰে ৷