মৰাণৰ অভয়পুৰ নিৱাসী সৰবৰহী মহিলা, লোক-সংস্কৃতিৰ নিৰৱ সাধক মিনু দেৱী (৭০)ৰ যোৱা ২৮ অক্টোবৰৰ নিশা ১১ বজাত ডিব্ৰুগড়ত মৃত্যু হোৱাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে৷

ডিব্ৰুগড় জিলাৰ চেঁচাত জন্ম গ্ৰহণ কৰা মিনু দেৱীয়ে চেঁচা আৰু খোৱাঙত শিক্ষা গ্ৰহণ কৰি প্ৰথমে প্ৰাপ্তবয়স্ক শিক্ষা আঁচনিৰ অধীনত কিছু দিন কাম কৰাৰ পাচত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিছিল৷ বিয়ানাম, দিহানামকে ধৰি লোক- সংস্কৃতিৰ ক্ষেত্ৰখনত নিৰৱ সাধনা কৰি যোৱা মিনু দেৱী এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপেও সমাজত পৰিচিত আছিল৷

শেহতীয়াকৈ কিছু দিনৰ পৰা অসুস্থতাত ভুগি থকা মিনু দেৱীয়ে ২৮ অক্টোবৰৰ নিশা শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতে 'অসমীয়া প্ৰতিদিন' কাকাতৰ দিল্লীস্থ জ্যেষ্ঠ সাংবাদিক গৌতম ভট্টাচাৰ্যসহ দুই কন্যা আৰু অসংখ্য আত্মীয়- স্বজনক ইহসংসাৰত এৰি থৈ গৈছে ৷

আজি ডিব্ৰুগড়ৰ চিৰিং চাপৰি শ্মশানত তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ মিনু দেৱীৰ মৃত্যুত 'আছু'ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অনুপজ্যোতি ভূঞা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা ৰঞ্জিত চাংমাই, 'আছা'ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দেবেন ওৰাং, মৰাণ মহকুমা সাংবাদিক মঞ্চৰ মুখ্য সম্পাদক যদুনাথ পুৰী, মৰাণ শাখা সাহিত্য সভাৰ সম্পাদক অকণ ভূঞাকে ধৰি বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷