ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজগড়বাসীৰ সহযোগত শ্বহীদ সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতা আৰম্ভ৷ আজিৰেপৰা ৰাজগড়ত আৰম্ভ হৈছে দশম বাৰ্ষিক দিবা নৈশ শ্বহীদ সোঁৱৰণী মুকলি আৰু আন্তঃবিদ্যালয় শাখাৰ চলন্ত ট্ৰফী তথা প্ৰাইজমাণী ফুটবল খেল প্ৰতিযোগিতা।

অহা ১৫ নৱেম্বৰলৈকে চলিব লগা এই ফুটবল প্ৰতিযোগিতা আজি শুভ উদ্ধোধন কৰে প্ৰাক্তন ছাত্ৰ নেতা পূৰ্ণানন্দ শইকীয়াই ৷ আজি উদ্বোধনী খেলত চেপন ফুটবল দলে কেন্দুগুৰি ফুটবল দলক ১-০ গলত পৰাজিত কৰে৷ উদ্বোধনী অনুষ্ঠানত বহু বিশিষ্ট লোক উপস্থিত থাকে ৷