গহপুৰৰ এটি উপস্বাস্থ্য কেন্দ্ৰ পৰ্যবেশিত হৈছে ভূত বাংলালৈ। উপ স্বাস্থ্য কেন্দ্ৰটি নিৰ্মাণৰ কাম প্ৰায় ৮০ শতাংশ সম্পূৰ্ন হ'ল যদিও বহু বছৰ ধৰি ২০ শতাংশ কাম আগনাবাঢ়িল।

যাৰ ফলত উপস্থাস্থ্য কেন্দ্ৰটি হাবি-জংঘলেৰে আবৰি ধৰি চৰকাৰী ধনৰ অপব্যৱহাৰৰ দিশে গতি কৰিছে। স্বাস্থ্য কেন্দ্ৰটি নোহোৱাৰ ফলত টকৌবাৰীৰ ৰাইজ বঞ্চিত হৈ আহিছে চিকিৎসা সেৱাৰ পৰা। বহু ৰোগী বাট কুৰি বাই আন স্থানত প্ৰাথমিক চিকিৎসা গ্ৰহন কৰিব লগীয়া হয়।যাৰ ফলত চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাত ভুগিছে টকৌবাৰীৰ ৰাইজে।