সোণাৰিত নিচা মুক্তি কেন্দ্ৰত এজনৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
সোণাৰিৰ বৰাহী চাৰিআলি স্থিত এটা নিচামুক্তি কেন্দ্ৰত টিংখাঙৰ এজন যুবকৰ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । অনিল বাইলুং নামৰ যুবক জনক নিচামুক্তি কেন্দ্ৰটোত ৰখাৰ পাছত যুবক জনক থেৰাপিৰ নামত শাৰিৰীক নিৰ্যাতন চলোবাৰ অভিযোগ পৰিয়ালৰ । কালি সন্ধিয়া যুবক জনৰ নিচামুক্তি কেন্দ্ৰটোতে মৃত্যু হয় । পাছত যুবক জনক সোণাৰি এখন ব্যক্তিগত নাৰ্টিংহোমত ভৰ্তী কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ইফালে লোক জনৰ দেহৰ বিভিন্ন অংশত আঘাতৰ চিন্হ স্পষ্ট দেখাত পৰিয়ালৰ লোকে চফ্ৰাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰি ঘটনাৰ এক তদন্তৰ দাবী জনাইছে। উল্লেখযোগ্য যে সোণাৰিত ইতিমধ্যে কেইবাটাও নিচামুক্তি কেন্দ্ৰ স্থাপন কৰা হৈ যদিও উচ্চ হাৰত ধন লোবা নিচামুক্তি কেন্দ্ৰ কেইটাত কোনো বিশেষ সু ব্যবস্থা নথকাৰ অভিযোগ উত্থাপিত হৈছে ।