অসম চৰকাৰৰ পৰ্যটন বিভাগৰ তত্বাৱধানত আৰু অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সৌজন্যত ২৮ আৰু২৯ অক্টোবৰত তিনিচুকীয়া বাৰেকুৰীবাসীৰ সহযোগত উদযাপন কৰা হ'ল বিশ্ব হলৌ দিৱস।

বিশ্ব হলৌ দিৱসৰ আৰম্ভণিতে অসমত যশস্বী তথা চিৰসেউজ চিনেমা জগতৰ বিশিষ্ট অভিনেতা নিপেন গোস্বামী আৰু প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি আৰু পুস্পাঞ্জলি অৰ্পণ কৰি বিভিন্ন জনে শিল্পীদ্বয়ৰ আত্মাৰ সদগতি কামনা কৰি প্ৰাৰ্থনা জনায়।

বাৰেকুৰী পৰিবেশ উন্নয়ন সমিতি, তিনিচুকীয়া মহাবিদ্যালয়, তৰাজান ডেংকা শাখা সমিতিৰ আতিথ্যত ডেংকা ৰাজহুৱা খেলপথাৰত বিশ্ব হলৌ দিৱসত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস,শ্ৰম আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষান,ডিগবৈৰ বিধায়ক সুৰেণ ফুকন,হাউচিং বৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই,অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰা,অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক প্ৰৱাল চেতিয়া,বিজেপি তিনিচুকীয়া জিলা সমিতিৰ সভাপতি কুশকান্ত মৰাণ আৰু বিশিষ্ট ক্ৰীড়া সংগঠক অৰুণজ্যোতি মৰাণ।

বিশ্ব হলৌ দিৱসৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে প্ৰকাশ কৰি উলিওৱা স্মৃতি পত্ৰিকা উন্মোচন কৰে মুখ্য আৰু বিশিষ্ট অতিথি বৃন্দই।