শেহতীয়াকৈ পোহৰলৈ অহা গুৱাহাটী পৌৰ নিগমৰ ভৰলু জাৱৰ নিষ্কাশনৰ নামত সংঘটিত হোৱা কেলেংকাৰিৰে জড়িত নিগমৰ তদানীন্তন অধীক্ষক মনজিৎ বুজৰবৰুৱাক শনিবাৰে নিলম্বন কৰা হৈছে।
যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ প্ৰতিবেদনৰ ভিত্তিত নিলম্বনৰ নিৰ্দেশ দিয়া হয়। বৰ্তমান মনজিৎ পৌৰসভাৰ প্ৰশাসনিক বিভাগত কৰ্মৰত।
ভৰলুৰ আৱৰ্জনা নিষ্কাশনৰ নামত অহা বিপুল পৰিমাণৰ ধন আত্মসাৎ কৰিছে মনজিতে।
৫০ লাখ টকাৰ ৪০ লাখ টকায়ে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে মনজিৎ বুজৰবৰুৱাৰ বিৰুদ্ধে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও গুৱাহাটী পৌৰ নিগমত সংঘটিত বহু কোটি টকাৰ ভুৱা বিল কেলেংকাৰিত নিগমৰ অ’এছডি আৰু ছয়জন কাৰ্যবাহী অভিযন্তাকে ধৰি ৮ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।