ধেমাজি জিলাৰ অন্তৰ্গত অন্যতম এখন আগশাৰীৰ শিক্ষানুষ্ঠান চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ এখনি কাব্য সংকলন শণিবাৰে উন্মোচন কৰা হয়। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক উত্তম কুমাৰ চুতীয়াৰ সম্পাদনাত প্ৰকাশিত লেছেৰি নামৰ এই কাব্য সংকলন খন উন্মোচন কৰে তিনিচুকীয়া কমাৰ্চ কলেজৰ অধ্যক্ষ ড০ সত্যেন্দ্ৰ বৰায়ে।
উল্লেখযোগ্য যে, চিচিবৰগাঁও মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এখন গাম্ভীয্যপূৰ্ণ সভাত উন্মোচন কৰা এই কাব্য সংকলন খনত মহাবিদ্যালয়ৰ ৫০ ছাত্র-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীৰ চাৰিকুৰি কবিতা সন্নিবিষ্ট হৈছে। ইফালে এই সভাতে অসম আৰক্ষীৰ সদ্য নিযুক্তি প্ৰাপ্ত কামাণ্ডো তথা অসমীয়া বিভাগৰ দুজন ছাত্র পাপু ভূঞা বগেন শইকীয়াক বিভাগে সম্বৰ্ধনা জনায়।
এই সভাত অসমীয়া বিভাগৰ শিক্ষক অনুপ চুতীয়া, নয়নমনি মহন্ত, উত্তম কুমাৰ চুতীয়া, অৰুণীমা ভূঞা, বৰ্ণালী চুতীয়াৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষ-উপাধ্যক্ষককে আদি কৰি সমূহ অধ্যাপক-অধ্যাপিকা, ছাত্র-ছাত্ৰী উপস্থিত থাকে।