দেশ স্বাধীন হোৱা ৭৫ বছৰ উপলক্ষে দেশজুৰি উদযাপিত হৈ থকা "আজাদী কা অমৃত মহোৎসৱ"ৰ অংশস্বৰূপ 'হৰ ঘৰ ত্রিৰংগা' শীৰ্ষক অনন্য কাৰ্যসূচীৰ ব্যাপক প্ৰচাৰ চলিছে আই এ এছ বিষয়া তথা বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে।

 ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে প্ৰতি ঘৰ, অনুষ্ঠান প্ৰতিষ্ঠানত দেশৰ স্বাভিমান ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দিয়া নিৰ্দেশক বোকাখাতত সফল ৰূপায়ণৰ লক্ষ্যৰে উঠি পৰি লাগিছে মহকুমাধিপতি ডাঃ নেহা যাদৱে। 'হৰ ঘৰ ত্রিৰংগা' কাৰ্যসূচীক সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজলৈ নিয়াৰ প্ৰয়াসেৰে আজি মহকুমাধিপতি ডাঃ নেহা যাদৱে পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, উপ পৌৰপতি ৰাণা দেৱনাথ, কার্য্যবাহী বিষয়া সৌভিক দত্ত, সকলো ৱাৰ্ড কমিছনাৰ, কার্যালয়ৰ কৰ্মচাৰীৰ সহযোগত আৰু আত্মসহায়ক গোট সমূহক লগত লৈ বোকাখাত নগৰ এলেকাত জনতাৰ হাতে হাতে জাতীয় পতাকা তুলি দি এজোপাকৈ গছপুলি উপহাৰ দিয়া হয়।

  আনহাতে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে নিজ নিজ বাসগৃহ, ব্যৱসায়ীক প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত দেশৰ স্বাভিমান আৰু গৌৰৱৰ প্ৰতীক জাতীয় পতাকা উত্তোলন কৰিবলৈ মহকুমাধিপতি ডাঃ নেহা যাদৱে বোকাখাতবাসী ৰাইজক আহ্বান জনায়।