অৱশেষত তৃতীয় শ্ৰেণীলৈ পঢ়া ৮৫ বছৰীয়া আইতাৰ পূৰণ হ’ল বহু দিনীয়া সপোন।

মোহিত্ৰী সন্দিকৈ আইতাই লিখা "মৰুভূমিত এপাহি পদুম" শীর্ষক গ্ৰন্থখনিৰ আজি বালিঘাটস্থিত আশ্ৰয়ৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে উন্মোচন কৰে। পূৰণ হল আইটাৰ সপোন, ৮৫ বছৰীয়া আইটাই উন্মোচন কৰিলে নিজৰ গ্ৰন্থ।

মুখ্যমন্ত্ৰীয়ে দিলে ছপা কৰি দিয়ে উক্ত গ্ৰন্থখন ।এগৰাকী ৮৫ বছৰ বয়সৰ আইতা। ৮৫ বছৰ বয়সতো ৰচনা কৰি উলিয়াইছে গ্ৰন্থ।

চৰাইদেউ জিলাৰ সাপেখাটিৰ বাসিন্দা মোহিত্ৰী সন্দিকৈ যোৱা ২০ বছৰ ধৰি ভাৰাতীয়া হিচাপে আছে নাজিৰাৰ শিমলুগুৰিত৷ বিশেষ ভাৱে সক্ষম সৰু পুত্ৰৰ সৈতে বহু কষ্টেৰে আছে ভাৰাঘৰত৷ এগৰাকী খেলুৱৈ হিচাপে অসমৰ হৈ জেষ্ঠ শিতানত খোজকঢ়া প্ৰতিযোগিতাত পদক লাভ কৰাৰ সমান্তৰালভাৱে কিতাপ লিখি গৈছে এই বয়সত ৷

ধনৰ অসুবিধাৰ বাবে কিতাপ ছাপা কৰিব নোৱাৰি যোৱাবছৰ নিৰ্বাচনী সভাত নাজিৰাত বৰ্তমানৰ মুখ্যমন্ত্ৰীক লগ পাই কিতাপ ছপা কৰিবলৈ পাণ্ডুলিপি দিয়ে মুখ্যমন্ত্ৰীক৷ সেই অনুৰোধৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰীয়ে নিজ উদ্যোগত ছপা কৰি দিয়া গ্ৰন্থখন আজি নাজিৰাৰ আশ্ৰয়ৰ কাৰ্যালয়ত উন্মোচন কৰে বয়সীয়া তৃতীয় শ্ৰেণীলৈকে পঢ়া আইটাগৰাকীয়ে।