সোণাৰিৰ জাপিধৰাত সংকটজনক অৱস্থাত যুৱতী উদ্ধাৰ। কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত জাপিধৰাৰ প্ৰাঙ্গনা বৰা নামৰ যুৱতীগৰাকীক বোকাৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ কৰিছে পৰিয়ালৰ লোকে।

সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা যুৱতী গৰাকীৰ দুয়োখন হাতত চোকা ব্লেদেৰে কটাৰ লগতে মূৰত বটলেৰে আঘাট কৰাৰ চিন পোৱা গৈছে। পাঁচ মান বজাত ঘৰৰ ওচৰতে ফুৰিবলৈ ওলাই গৈছিল যুৱতীগৰাকী। কিন্তু বহু সময় ধৰি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত ঘৰৰ পাছফালে থকা পুখুৰীৰ পাৰত থকা পথাৰত উদ্ধাৰ হয় যুৱতীগৰাকী। সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

যুৱতীগৰাকীক অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰি পথাৰত পেলায় থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ। আনহাতে এই ঘটনা সন্দৰ্ভত কাকতিবাৰী আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে।