দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত

দেউৰী স্বায়ত্ব শাসিত প‌ৰিষদৰ ৭ নং ৰজাবাৰি সমষ্টিৰ প্রার্থী ভৈৰব দেউৰীৰ নির্বাচনী কার্যলয় আজি কোৰুকানি দেউৰী গাওঁত উদ্বোধন। কৰে যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ লগতে উপস্থিত থাকে কেবিনেট মন্ত্রী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন,সোনাৰী সমষ্টিৰ বিধায়ক তথা ৰজাবাৰি সমষ্টিৰ তত্বাবধায়ক ধর্মেশ্বৰ কোঁৱৰ লগতে ভালে সংখ্যক ভাৰতীয় জনতা পার্টীৰ বিষয় ববিয়া।কার্যলয় উদ্বোধন কৰি সাংসদ তপন গগৈ,মন্ত্রী যোগেন তথা বিধায়ক ধর্মেশ্বৰ কোঁৱৰে সমূহ ৰজাবাৰি সমষ্টিৰ ভোটাৰ ৰাইজক ভাৰতীয় জনতা পার্টীৰ পার্থী ভৈৰব দেউৰীক ভোট দি জয়যোক্ত কৰাৰ লগতে পৰবর্তী সময়ত নিজৰ প্রাপ্য গ্রহন কৰিবলৈ আহবান জনায়।