বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণী মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটি আজি অন্ত পৰে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটি আজি বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে সামৰণি পৰে। বৰহাট অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সাংস্কৃতিক দলেও অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত।