বৌদ্ধ বিহাৰ চাবলৈ গৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মিলন প্ৰাথমিকৰ সদস্য পদ ত্যাগ কৰা লংপতীয়াৰ দুটা  পৰিয়ালক আজি আদৰণি জনালে টাই আহোম যুৱ পৰিষদ অসমে।

সংগঠনটোৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ লগতে কেন্দ্ৰীয় নেতৃত্ব আৰু চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়া সকলে আজি লংপতীয়া জুটুলনি অঞ্চলৰ পৰিয়াল দুটাৰ ঘৰত উপস্থিত হৈ আদৰণি জনায়।

উল্লেখ্য যে বৌদ্ধ বিহাৰ চাবলৈ গৈ শংকৰদেৱ সংঘৰ সদস্য পদ ত্যাগ কৰিব লগীয়া হৈছিল লংপতীয়াৰ দুটা পৰিয়াল। জানিব পৰা মতে কিছুদিন পূৰ্বে  সমীপৱৰ্তী অঞ্চলতে নিৰ্মাণ কৰা এটা বৌদ্ধ বিহাৰ চাবলৈ গৈছিল জুটুলনী অঞ্চলৰ একাংশ লোকৰ লগতে শ‍ংকৰদেৱ সংঘৰ সদস্য বুলু শইকীয়া, ৰীতা গগৈ আৰু নিৰু গগৈ।

ইয়াৰ পৰিপ্ৰেক্ষিতত সংঘৰ নামঘৰত জৰুৰী সভা অনুষ্ঠিত কৰি এই তিনিটা পৰিয়ালক জৰিমনা বিহাৰ লগতে নাম আগবঢ়াবলৈ নিৰ্দেশনা জাৰি কৰিছিল মিলন প্ৰাথমিকে। কিন্তু স্বামীহাৰা বুলু শইকীয়াৰ লগতে ৰীতা গগৈৰ পৰিয়ালে এই ক্ষেত্ৰত অপাৰগ হোৱাত সংঘ ত্যাগ কৰি অনা সংঘৰ খেলত অন্তৰ্ভুক্ত হয়।

অৱশ্যে নিৰু গগৈৰ পৰিয়ালে শংকৰদেৱ সংঘৰ বিধি অনুসৰি শুদ্ধিকৰণৰ জৰিয়তে পুনৰ সংঘৰ সদস্য পদ পুনৰ গ্ৰহণ কৰে। ইফালে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।