দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰত নামিল সোণাৰিৰ বিধায়ক তথা প্ৰভাৰী ধৰ্মেশ্বৰ কোঁৱৰ 

দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত নামিল সোণাৰিৰ বিধায়ক তথা প্ৰভাৰী ধৰ্মেশ্বৰ কোঁৱৰ।

অহা ইংৰাজী ৮ নৱেম্বৰ তাৰিখে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হোৱা পৰিপ্ৰেক্ষিতত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰভাৰী হিচাপে দায়িত্ব গ্ৰহন কৰি নিতাই পানী দিহিং মন্ডলৰ অন্তৰ্গত ৭ নং ৱাৰ্ডৰ ভোটৰ ৰাইজৰ ঘৰে ঘৰে বিজেপি অগপ মিত্ৰ জোটৰ প্ৰাৰ্থী ভৈৰৱ দেউৰী হৈ প্ৰচাৰ অভিযানত নামিল সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ।দেউৰী লোকসকলৰ প্ৰগতি তথা উন্নয়নৰ স্বাৰ্থত অনুষ্ঠিত হ'বলগীয়া দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী কাম-কাজ সমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ ৭ নং ৰজাবাৰী সমষ্টিৰ অন্তৰ্গত বাম ৰজাবাৰীত শতাধিক ৰাইজ‌ তথা দলীয় কাৰ্যকৰ্তা সকলৰ উপস্থিতিত এখনি সভা অনুষ্ঠিত হয় ।

বিধায়ৰ বক্তব্যত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী নীতি 'সৱকা সাথ,সৱকা বিকাশ,সৱকা বিশ্বাস' হৈছে আগুৱাই যোৱাৰ মূলমন্ত্ৰ । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে সকলো জাতি-জনগোষ্ঠীক লগত লৈ ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ বাবে দায়বদ্ধতা সহকাৰে কাম কৰি আহিছে । এই ক্ষেত্ৰত দেউৰী সমাজৰ প্ৰত্যেকগৰাকী ৰাইজৰ সহযোগিতা কামনা কৰাৰ লগতে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ মনোনিত প্ৰক্ষেপিত প্ৰাৰ্থী ভৈৰৱ দেউৰীক বিপুল ভোটত জয়ী সাব্যস্ত কৰাবৰ বাবে আহ্বান জনায় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দেৱে।

অভিযানত উপস্থিত থাকে থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ,থাওৰা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী, ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্ত,ৰাজ্যিক মহিলা মৰ্চাৰ উপ সভানেত্ৰী দিপীকা দুৱৰী,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য দিলীপ কোঁৱৰ,ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ময়ুৰ বৰগোহাঁই,যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জ্যোতিষ কোঁৱৰৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আৰু বহু শতাধিক ৰাইজ‌ উপস্থিত থাকা সভাখনৰ অন্তত ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ প্ৰচাৰত ব্যস্ত হৈ পৰা দেখা যায়।