সোণাৰিত মহিলা কবি মঞ্চৰ সভা

সদৌ অসম মহিলা কবি মঞ্চৰ সোণাৰি শাখাৰ  তৃতীয় খন কাৰ্যনিৰ্বাহক বৈঠক ২৭ অক্টোবৰ, ২০২২ তাৰিখ বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়। সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত বৈঠক খন পৰিচালনা কৰে শাখাৰ সভানেত্ৰী, বিশিষ্ট নিৱন্ধকাৰ, কবি, নিবেদিতা ফুকনে। কাৰ্যসূচীৰ আৰম্ভণিতে কথাছবি জগতৰ মহানায়ক বিশিষ্ট অভিনেতা নিপন গোস্বামী দেৱৰ মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । তাৰ পিছত সভাৰ উদ্দেশ্য ব্যাখ্যা  আৰু গত কাৰ্যনিৰ্বাহক বৈঠকৰ প্ৰতিবেদন পাঠ  কৰে শাখাৰ সম্পাদিকা কল্পনা বৰুৱাই ।উদ্দেশ্য ব্যাখ্যাৰ ওপৰত আলোচনা কৰি ব্যক্তব্য ৰাখে শাখাৰ কাৰ্যকৰী সভানেত্ৰী মৃদুলা শইকীয়া বৰুৱা, ইন্দিৰা ফুকন কাকতি, উপসভানেত্ৰী ৰুণু সন্দিকৈ, ঝৰ্ণা মলীয়া, জুৰি দেৱী ফুকন, প্ৰচাৰ সম্পাদিকা তৰু বৰাই। বৈঠকতে সদৌ অসম মহিলা কবি মঞ্চই কেন্দ্ৰীয় অধিবেশনৰ লগত সংগতি ৰাখি ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কৰা স্বৰচিত কবিতা প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰা জুৰি মহন্তৰ বঁটাটি প্ৰদান কৰে শাখাৰ সভানেত্ৰী নিবেদিতা ফুকনে । সম্পাদিকা কল্পনা বৰুৱাই বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হৈ যোৱা কেন্দ্ৰীয় অধিবেশনৰ বিষয়ে চমুকৈ অৱগত কৰে। এই বৈঠকতে শাখাৰ পত্ৰিকা প্ৰকাশ, পুঁজি সংগ্ৰহ, আগন্তুক কাৰ্যসূচী আদিৰ সম্পৰ্কে আলোচনা কৰাৰ উপৰিও আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ পিছতে সদস্যসকলৰ মাজত কবিতা পাঠ অনুষ্ঠান আৰম্ভ হয়। কবিতা পাঠ কৰে কবিতা গগৈ চাবুকধৰা, মধুচন্দা শইকীয়া বৈশ্য, তৰু বৰা, জুৰি মহন্ত, বিভা ৰাণী দত্ত আদিয়ে । পাঠ কৰা প্ৰতিটো কবিতাৰ বিশ্লেষণ দাঙি ধৰে কাৰ্যকৰী সভানেত্ৰী ইন্দিৰা ফুকন কাকতিয়ে।

   সভানেত্ৰীৰ ভাষণত তেখেতে সকলোকে একত্ৰিত ভাৱে আগুৱাই গৈ সোণাৰি শাখা মহিলা কবি মঞ্চক এক সবল আৰু সক্ৰিয় শাখা হিচাপে প্ৰতিপন্ন কৰিবলৈ আহ্বান জনায়। শেষত জাতীয় সংগীত পৰিবেশনেৰে সভা সামৰণি মৰা হয় বুলি শাখাৰ সম্পাদিকা কল্পনা বৰুৱাই জনাইছে।