অসমীয়া ছবিজগতৰ মহীৰূহ নিপন গোস্বামীৰ মৃত্যুত সোণাৰিত শোক

অভিনেতা নিপন গোস্বামীৰ মৃত্যুত সোণাৰি ভৱানীপুৰ গাওঁৰক্ষী বাহীনিৰ সমূযহীয়া বন্তী প্ৰজ্জ্বলন নামতোলা চাৰিআলিত।

  চৰাইদেউ জিলাৰ সোণাৰিৰ অন্যত্বম গাওঁ ৰক্ষী বাহীনি সোণাৰি ভৱানীপুৰ গাওঁ ৰক্ষী বাহীনি । ভৱানীপুৰ গাওঁ ৰক্ষী বাহীনিয়ে বিগত সময়ত বিভিন্ন জনক বিভিন্ন দিশত সেৱা আগবঢ়াই আহি সোণাৰি বাসী ৰাইজৰ পৰা সমাদৰ লাভ কৰি আহিছে। এই গাওঁ ৰক্ষী বাহীনিয়ে ৰাইজৰহৈ সকলো সময়তেই মাত মাতি প্ৰশাসনৰ পৰাও সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজি পুৱাৰ ভাগতে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যুৰ বাতৰিয়ে চকুৰ পানীৰে নধৰা হয় । ১৯৪২ চনতে জন্ম গ্ৰহণ কৰা আমাৰ শ্ৰদ্ধাৰ অভিনেতা নিপন গোস্বামী আৰু এই পৃথিৱীত নাই। এই মহান শ্ৰদ্ধাৰ অভিনেতা গৰাকীয়ে জীৱনৰ নাট সামৰিলে । আজি তেওঁৰ মৃত্যুত সোণাৰিৰ ভৱানীপুৰৰ গাওঁৰক্ষী বাহীনিয়ে নামতোলা চেনী গুদাম চাৰিআলিত শেষ বাৰৰ কাৰণে সমূহীয়াকৈ বন্তি ধূপ মমবাতিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিজেপিৰ ১৪নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত গিৰিণ গগৈয়ে শ্ৰদ্ধাৰ অভিনেতা গৰাকীৰ প্ৰতিছবিত বন্তি প্ৰজ্জ্বলন কৰি শোক সনতপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। আৰু সোণাৰিৰ অন‍্যত্বম সূদক্ষ অভিনেতা পংকজ শৰ্মাইও নিপন গোস্বামীৰ প্ৰতিচবিত বন্তি প্ৰজ্জ্বলন কৰি দূখ প্ৰকাশ কৰে। তাৰ পিচতেই একাদিক্ৰমে নামতোলা চাৰিআলিৰ সকলো ৰাইজে আমাৰ সকলোৰে শ্ৰদ্ধাৰ নিপন গোস্বামীৰ প্ৰতিছবিত মমবাতি ধূপ প্ৰজ্জ্বলন কৰা পৰিলক্ষিত হয়।