বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত ভূৰাগাঁৱৰ কুপতিমাৰী গাঁৱৰ আবুল কালাম নামৰ এজন লোকৰ মৃত্যু হয়। বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি মৃত্যু হয় লোক জনৰ। 

অভিযোগ অনুসৰি গাঁওখনত ২০০৮ চনত বিদ্যুৎ সংযোগ কৰিছিল বিভাগে। লাহে লাহে তাণৰ সমূহ দুৰ্বল হৈ পৰিছে। 

পূৰ্বতে তাঁৰ চিঙি পৰাত ৰাইজে বিভাগীয় কৰ্তৃপক্ষক তাঁৰ সমূহ সলাই দিবলৈ বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো তাঁৰ সমূহ সলাই দিয়া নাছিল বিভাগে।

যাৰ পৰিণতিত আজি গাওঁ খনৰ আবুল কালাম নামৰ এগৰাকী বৃদ্ধাই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল।

জানিব পৰা মতে আজি সন্ধিয়াৰ ভাগত লাহৰীঘাট বিদ্যুৎ উপ সংমণ্ডল এলেকাধীন কুপতিমাৰী গাঁৱত এগৰাকী ৮ বছৰীয়া কন্যা শিশু বিদ্যুৎস্পৃষ্ট হৈছিল। শিশুটি চট ফটাই থকা প্ৰত্যক্ষ কৰি শিশুটিক বচাবলৈ গৈ লোক জনৰ মৃত্যু হয়। 

মৃত আবুল কালাম এজন ঠেলা চালক আছিল।

বৰ্তমান মৃত লোক জনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে ।