চিলাপথাৰত ৪০০ কুইন্টল সমবায় চাউল আত্মসাত, ক্ষুব্ধ ৰাইজৰ গোচৰ

চিলাপথাৰ অঞ্চলটোৰ মুক্তিয়াৰ সমবায় সমিতিত বুজন পৰিমাণৰ সূলভ মূল্যৰ চাউল আত্মসাতৰ ঘটনা পোহৰলৈ আহিছে। ৰাইজৰ অভিযোগ অনুসৰি মুক্তিয়াৰ সমবায় সমিতিৰ অন্তৰ্গত মুক্তিয়াৰ লখিমী গাওঁৰ সমবায় এজেন্টজনে চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক যোগান ধৰা চাউল দুটা মাহে হিতাধিকাৰীক আদায় নিদিলে।

এজেন্টে আগষ্ট আৰু ছেপ্তেম্বৰ মাহৰ প্ৰায় ৪০০ কুইন্টল চাউল সময় মতে উঠাই যদিও যদিও বিতৰণ নকৰাত অলপতে ৰাইজে স্থানীয় শৰণাপন্ন হয়। ইয়াৰ পিছতে ৰাইজৰ সৈতে এজেন্টে এক আলোচনা মিলিত হৈ ৰাইজৰ প্ৰাপ্য চাউল বিতৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। পিছে কেইবাদিনো বাগৰি যোৱাৰ পিছতো সমবায় এজেন্টে নাৰাখিলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি।

এজেন্টে চাউল আদায় দিয়াটো বাদেই খুজিবলৈ যোৱা গ্ৰাহকক তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন হৈছে। উপায় নাপাই কালি দুই শতাধিক ৰাইজ মিলিত হৈ চিলাপথাৰ থানাত উপস্থিত হৈ এক এজাহাৰ দাখিল কৰে।

ক্ষুব্ধ ৰাইজে ৰাইজে শীঘ্ৰে এজেণ্টৰ বিৰুদ্ধে বিহীত ব্যৱস্থাৰ দাবী জনায়। নৈপৰীয়া দৰিদ্ৰ গঞাৰ মুখৰ ভাত কাঢ়ি আত্মসাত কৰা সমবায় এজেন্টৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ লগতে শীঘ্ৰে অনুজ্ঞাপত্ৰ বাতিলৰ দাবী জনাইছে।