ব্যাপক প্ৰস্তুতি: ২৯ আৰু ৩০ অক্টোবৰত ডেকাপাম উদয়পুৰত সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ জোনাই মহকুমা আৰু ডেকাপাম আঞ্চলিক সমিতিৰ অধিৱেশন

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

 

চিলাপথাৰ ২৭ অক্টোবৰঃ সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ জোনাই মহকুমা সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক আৰু ডেকাপাম আঞ্চলিক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন অহা ২৯ আৰু ৩০ অক্টোবৰ তাৰিখে ডেকাপাম উদয়পুৰ ৰাজহুৱা খেলপথাৰত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হৈছে।

অধিৱেশনৰ প্ৰথমদিনা পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ জোনাই মহকুমা সমিতিৰ সভাপতি ধৰ্মেন সোনোৱালে। পুৱা ৯-৩০ বজাত স্মৃতি তৰ্পণ কৰিব সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ ডেকাপাম আঞ্চলিক সমিতিৰ সভাপতি ভাইজান সোনোৱালে। পুৱা ১০ বজাত গছপুলি ৰোপণ কৰিব তেলাম খণ্ড বন বিষয়া প্ৰভাত গগৈয়ে।

দুপৰীয়া ১২ বজাত মূল মঞ্চ উদ্ধোধন কৰিব চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলেয়ে।দিনৰ ১ বজাত জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন।বিয়লি ৩-৩০ বজাত অনুষ্ঠিত কৰা কেৰিয়াৰ গাইডেন্স কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোনোৱালে।বিয়লি ৪-৩০ বজাত বিভিন্ন ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তি সকলক সম্বৰ্ধনা অনুষ্ঠান।

বিয়লি ৫-৩০ বজাত সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ জোনাই মহকুমা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বুদ্ধেশ্বৰ সোনোৱাল আৰু ডেকাপাম আঞ্চলিক সমিতিৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদিকা শেৱালি সোনোৱালৰ স্মৃতিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান। সন্ধিয়া ৬-৩০ বজাত ন-পুৰণি সতীৰ্থ সন্মীলন। সন্ধিয়া ৭-৩০ বজাত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ উদ্ধোধন কৰিব সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ কাৰ্য্যনিৰ্বাহক চন্দন সোনোৱালে। নিশা ৯ বজাত সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ জোনাই মহকুমা সমিতিৰ প্ৰতিনিধি সভা আৰু নিশা ৯-৩০ বজাত ডেকাপাম আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা।

দ্বিতীয় তথা ৩০ অক্টোবৰৰ পুৱা ১০-৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা আৰু দুপৰীয়া ১২ বজাত জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনৰ উদ্ধোধন কৰিব সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ প্ৰাক্তন কাৰ্য্যনিৰ্বাহক জীতেন সোনোৱালে। দিনৰ ২-৩০ বজাৰ পৰা আৰম্ভ কৰা মুকলি সভাখন সভাপতিত্ব কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি তোলন সোনোৱালে। আদৰণি ভাষন আগবঢ়াব অভ্যৰ্থনা সমিতিৰ কাৰ্য্যকৰী সভাপতি বিজয় শইকীয়াই।

মুকলি সভাত মুখ্য অতিথি হিচাপে সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোনোৱাল, বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰী,সোনোৱাল কছাৰী জাতীয় পৰিষদৰ সচিব প্ৰধান চন্দন সোনোৱাল, সদৌ অসম সোনোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোনোৱাল, স্থানীয় সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক ভূৱন পেগু,নিৰ্দিষ্ট বক্তা হিচাপে সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ সভাপতি দেবানন্দ চেলেং, বিশিষ্ট অতিথি হিচাপে টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাং, সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ৰাজু সোনোৱাল, সোনোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোনোৱাল,আছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি দিপক শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, সন্মানীয় অতিথি হিচাপে সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ, গাওঁ পঞ্চায়তৰ কেবাজনো জনপ্ৰতিনিধি,নিমন্ত্ৰিত অতিথি হিচাপে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতা উপস্থিত থাকিব।

ইয়াৰ পাছতে সোনোৱাল কছাৰী ক'লা সংস্কৃতিৰ ওপৰত বক্তব্য আগবঢ়াব সদৌ অসম সোনোৱাল কছাৰী কল্যাণ সংঘৰ সাধাৰণ সম্পাদক যুগল ফৰ্মালে।সন্ধিয়া ৬-৩০ বজাত বন্তি প্ৰজ্বলন কৰিব অভ্যৰ্থনা সমিতিৰ সাংস্কৃতিক উপ সমিতিৰ সভাপতি ভৃগুৰাম সোনোৱালে।নিশা ৯-৩০ বজাৰ পৰা অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰিব সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ কাৰ্য্যবাহী সদস্য ৰিদিপ হাজৰিকাই। সাংস্কৃতিক অনুষ্ঠানত ত্ৰিদিপ গগৈ, পুৰণ প্ৰজ্ঞান সোনোৱাল আৰু ৰাখিস্মিতা গগৈয়ে গীত পৰিৱেশন কৰিব।

অধিৱেশনখন সাফ্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাইছে।আদৰণি তোৰণ,মূল মঞ্চ, মূল মণ্ডপ,অতিথিশালা,পতাকা উত্তোলন, স্মৃতি তৰ্পণ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে।সাংস্কৃতিক উপ সমিতিয়ে লগ বিহু, লেচেৰী কৃষ্টি দলৰ আখৰা পূৰ্ণগতিত চলাইছে। স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণ, প্ৰচাৰৰ কাম পূৰ্ণগতিত আগবঢ়াই নিছে।