এইবাৰ সোণাৰিত শংকৰদেৱ সংঘৰ এক বিতৰ্কিত সিদ্ধান্তত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া

ৰাজ্যজুৰি চকলং বিবাহত অংশগ্ৰহণ কৰাৰ বাবেই শংকৰ সংঘৰ পৰা বহিষ্কাৰ কৰাৰ বিতৰ্ক চলি থকাৰ মাজতে এইবাৰ শংকৰ দেৱ সংঘই বহিষ্কাৰ কৰিলে সোণাৰিৰ ৩ টাকৈ পৰিয়ালক।চুবুৰীয়াৰ সৈতে বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱাৰ বাবেই সোণাৰিৰ নিকটৱৰ্তী লংপটিয়া জুটুলনি গাঁৱৰ ৩ টাকৈ পৰিয়ালক শংকৰদেৱ সংঘৰ মিলন প্ৰাথমিকে কৰিলে সমাজচ্যুত।বৌদ্ধ বিহাৰ দৰ্শন কৰিবলৈ যোৱাৰ বাবে জুটুলনি গাঁৱৰ বুলু শইকীয়া, নিৰু গগৈ, ৰীতা গগৈৰ পৰিয়ালক।

ইয়াৰে নিৰু গগৈৰ পৰিয়ালে পুনৰ শংকৰ সংঘৰ বিধিৰে শুদ্ধি হয়।ঈফালে অ শংকৰী সমাজত যোগদান কৰে স্বামীহাৰা বুলু শইকীয়া আৰু ৰীতা গগৈয়ে।