চৰাইদেউত হৰ ঘৰ তিৰংগা কাৰ্যসূচী সম্পৰ্কে উপায়ুক্তৰ সংবাদমেল

সোণাৰি, ৩ আগষ্ট: ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে দেশজুৰি উদযাপন কৰি থকা "আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা "হৰ ঘৰ তিৰংগা" কাৰ্যসূচী সম্পৰ্কে অৱগত কৰাৰ উদ্দেশ্যে আজি চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই এখন সংবাদমেল সম্বোধন কৰে। 

উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সংবাদমেলত উপায়ুক্ত গৰাকীয়ে কয় যে, আমি সগৌৰৱে দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছোঁ। তেওঁ এই অমৃত মহোৎসৱৰ অংশৰূপে সকলোকে ১৩ৰ পৰা ১৫ আগষ্টলৈ "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীৰ অধীনত ঘৰে ঘৰে ৰাষ্ট্ৰীয় গৌৰৱ আৰু গৰিমাৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়। তেওঁ জিলাবাসীক "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীত বিপুল ভাৱে অংশগ্ৰহণ কৰি এই কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনায়। তেওঁ জিলাখনত প্ৰায় ৫ লাখ জনসংখ্যা আৰু প্ৰায় ৮০ হাজাৰ পৰিয়াল আছে। সকলোৰে স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আহ্বান কৰি তেওঁ কয় যে, জিলাখনৰ আত্মসহায়ক গোটসমূহে ইতিমধ্যে ২২,১০৭ খন জাতীয় পতাকা প্ৰস্তুত কৰিছে আৰু ইয়াৰে ২,৮২০ খন বিভিন্ন বিক্ৰী কেন্দ্ৰত বিক্রী কৰা হৈছে। জাতীয় পতাকাসমূহ উপায়ুক্ত কাৰ্যালয় প্ৰমুখ্যে জিলাখনৰ প্ৰতিটো ৰাজহ চক্ৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, পৌৰসভা কাৰ্যালয়, গাঁও পঞ্চায়ত কাৰ্যালয়, ৱাৰ্ড সমূহত আৰু ৬২১ খন সুলভ মূল্যৰ দোকানত মাত্ৰ ৪০ টকা মূল্যত ক্ৰয় কৰাৰ বাবে উপলব্ধ কৰোৱা হৈছে বুলি তেওঁ অৱগত কৰে। 

"হৰ ঘৰ তিৰংগা" কাৰ্যসূচী সুচাৰুভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা, খণ্ড, নগৰ আৰু পঞ্চায়ত পৰ্য্যায়ত ৰূপায়ণ সমিতি ইতিমধ্যে গঠন কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। 

সংবাদমেলত উপায়ুক্ত গৰাকীয়ে কয় যে, আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা জাতীয় পতাকাৰ উপৰিও খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জৰিয়তে ৰাজ্যৰ বাহিৰৰ পৰা ৮৮ হাজাৰ জাতীয় পতাকা আহৰণ কৰা হৈছে। এই সমূহ জাতীয় পতাকা ১৮ টকা মূল্যত উপলব্ধ বুলিও জনায়। 

"হৰ ঘৰ তিৰংগা" কাৰ্যসূচী সম্পৰ্কে জনসজাগতা সৃষ্টিৰ লক্ষ্যৰে অহা ৭ আগষ্টৰ পৰা জিলাখনৰ ৩৬ খন গাঁও পঞ্চায়তত গাঁও সভা অনুষ্ঠিত কৰা হ'ব বুলি উপায়ুক্ত গৰাকীয়ে অৱগত কৰে। লগতে, অহা ৬ আগষ্টত পুৱা চাইকেল ৰেলীৰো আয়োজন কৰা হৈছে বুলি তেওঁ কয়। তদুপৰি তেওঁ এই সন্দৰ্ভত পদযাত্ৰা, শোভাযাত্ৰা আদিৰো আয়োজন কৰা হ'ব বুলি জনায়। 

উপায়ুক্ত গৰাকীয়ে জিলাবাসীক "হৰ ঘৰ তিৰংগা" কাৰ্যসূচীত সগৌৰৱেৰে অংশগ্ৰহণ কৰি এই আয়োজন সফল কৰি তুলিবলৈ আহ্বান জনায়।