অসমৰ বোলছবি জগতৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ মহাপ্ৰয়ানত গভীৰ শোক প্ৰকাশ অসমৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ। 

সুদক্ষ অভিনয়েৰে সকলোৰে হৃদয় জয় কৰা মহান অভিনেতা গৰাকীৰ বিয়োগ অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক অপূৰণীয় ক্ষতি। দীৰ্ঘ দিন ধৰি অসমৰ সাংস্কৃতিক তথা বোলছবি জগতত সেৱা আগবঢ়াই থৈ যোৱা গোস্বামীদেৱৰ বিদেহ্ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে -