বৌদ্ধ বিহাৰ চাবলৈ গৈ শংকৰদেৱ সংঘ ত্যাগ কৰিব লগীয়া হ'ল সোণাৰিৰ দুটা পৰিয়াল। সোণাৰিৰ লংপতীয়া জুটুলনী অঞ্চলৰ বুলু শইকীয়া আৰু ৰীতা গগৈৰ পৰিয়ালক বহিষ্কাৰ কৰিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মিলন প্ৰাথমিকে। জানিব পৰা মতে কিছুদিন পূৰ্বে সমীপৱৰ্তী অঞ্চলতে নিৰ্মাণ কৰা এটা বৌদ্ধ বিহাৰ চাবলৈ গৈছিল জুটুলনী অঞ্চলৰ একাংশ লোকৰ লগতে শংকৰদেৱ সংঘৰ সদস্য বুলু শইকীয়া, ৰীতা গগৈ আৰু নিৰু গগৈ। ইয়াৰ পৰিপ্ৰেক্ষিতত সংঘৰ নামঘৰত জৰুৰী সভা অনুষ্ঠিত কৰি এই তিনিটা পৰিয়ালক জৰিমনা বিহাৰ লগতে নাম আগবঢ়াবলৈ নিৰ্দেশনা জাৰি কৰিছিল মিলন প্ৰাথমিকে। কিন্তু স্বামীহাৰা বুলু শইকীয়াৰ লগতে ৰীতা গগৈৰ পৰিয়ালে এই ক্ষেত্ৰত অপাৰগ হোৱাত সংঘ ত্যাগ কৰি অনা সংঘৰ খেলত অন্তৰ্ভুক্ত হয়। অৱশ্যে নিৰু গগৈৰ পৰিয়ালে শংকৰদেৱ সংঘৰ বিধি অনুসৰি শুদ্ধিকৰণৰ জৰিয়তে পুনৰ সংঘৰ সদস্য পদ পুনৰ গ্ৰহণ কৰে। ইফালে এই ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়া সমগ্ৰ অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰঙিয়াত সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ উদ্যোগত বিশেষ ৰাজ্যিক বটাঁ প্ৰদান অনুষ্ঠান , বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক বটাঁ প্ৰদান , স্মৰণিকা 'দৈষ্টিক' উন্মোচন
ৰঙিয়াত আজি ঐতিহাসিক হৰদত্ত - বীৰদত্ত ভৱনত সংগীত গ্ৰুপ অৱ ক্ৰিয়েচনৰ উদ্যোগত বানেশ্বৰ দেৱ শৰ্মা...
ડીસાના ઇન્દિરા નગર- ધુળીયાકોટ વિસ્તારમાં 15 દિવસ અગાઉ એક જ સમાજના લોકો વચ્ચે નજીવી બાબતે તકરાર
ડીસાના ઇન્દિરા નગર- ધુળીયાકોટ વિસ્તારમાં 15 દિવસ અગાઉ એક જ સમાજના લોકો વચ્ચે નજીવી બાબતે તકરાર
कंझरा जागेश्वर येथे ग्रामीण भागात ज्येष्ठ गौरी आगमनाने सर्वत्र भक्तिमय वातावरण..
कंझरा जागेश्वर येथे ग्रामीण भागात ज्येष्ठ गौरी आगमनाने सर्वत्र भक्तिमय वातावरण..